XtGem Forum catalog

MenuBlogAbout

নষ্ট গদ্য : ভৱিষ্যত অপৈত্ৰিক বিষাদ (১৮+)

ভাল হ'বলৈ চেষ্টা কৰোঁ । চেষ্টাৰ ক্ষেত্ৰত বহুদূৰ সফল হওঁ । তাৰ পিছতে নামি আহে তামস নিশাৰ কলোৰৱ । সময় ! আচলতে এয়া মোৰ ওপৰত এয়া সময়ৰ অহেতুক নিৰ্জাতন । অৱশ্যে পাপত মগ্ন ইতিহাসে আমাৰ ভৱিষ্যতৰ লগত হয়তো খেলা কৰে । মাজে মাজে আত্মহত্যা কৰিবলৈ মন যায় । কিন্তু নোৱাৰোঁ । আত্মহত্যা নকৰাকৈ সম্প্ৰতি মই জীয়াই আছোঁ নে ? বহুত কষ্ট কৰিলোঁ, চেষ্টা কৰিলোঁ ! তাৰ পিছতো চূৰ্ণ-বিচূৰ্ণহৈ গ'ল মোৰ সপোন । উফ্ বৰ যন্ত্ৰণা ! আগৰদৰে মদ খাই যন্ত্ৰণাবোৰ ঢাকিবও নোৱাৰোঁ । মদ নখোৱাৰ দায়বদ্ধতা বৰ ডাঙৰ বস্তু । জীৱনত বহুত শিকিলোঁ । কিন্তু বেইমানী কৰিবলৈ নিশিকিলোঁ । এয়াই হয়তো মোৰ ভুল । আগতেই কৈছিলোঁ, "যিবোৰ কথা কাকো খুলি ক'ব নোৱাৰি সেইবোৰেই যন্ত্ৰণা !" আৰু কিমাননো দগ্ধ হ'ম ! এতিয়া শেষ সময় । ভৱিষ্যত অপৈত্ৰিক অথবা অপুত্ৰক কিম্বা বান্ধ্য বিষাদত যন্ত্ৰণাবোৰ গিলিম । ক্ৰমশঃ নিজৰ পৰা নিজকে নিঃশ্বেষ কৰিম । তাৰ পিছতো তুমি সুখী হোৱা, মোৰ যন্ত্ৰণাবোৰ দেখি দেখি । ভুল ! আকৌ ভুল ! উপলব্ধিত প্ৰাথমিক বৰ্ণমালাখনো দেখোন তুমি নজনা । নাৰী ! নাৰী বৰ বিচিত্ৰময়ী । আপুনি যিমানেই পৱিত্ৰ নহওক কিয় সিহঁতে আপোনাক সন্দেহৰ চকুৰে চাবই । বাদ দিলোঁ সেইবোৰ কথা । পিছে "নাৰী নিৰ্যাতন বন্ধ কৰক" ! "ভ্ৰুণ হত্যা বন্ধ কৰক" ! যেতিয়া নাৰীয়ে নিজৰ স্ব-ইচ্ছাৰে ভ্ৰুণ হত্যা কৰে তেতিয়া ? আহক নাৰী দিৱস পাতোঁ আৰু শ্লোগান দিওঁ "পুৰুষ নিৰ্যাতন আৰম্ভ কৰক" ! চকুপানীবোৰ বৰফ নহোৱালৈকে মই আজন্ম তোমাৰ প্ৰেমিক । যিমান পাৰা মোক পুৰি পুৰি ছাই কৰি দিয়া । হে ঈশ্বৰ, মোক নপুংসক কৰি দিয়া । অন্যথায় সেই নাৰীক বন্ধ্যা কৰি দিয়া যি নাৰীয়ে নাৰীত্ব বুজি নাপায় । বাদ দিলোঁ ঈশ্বৰক কথা, তুমি বৈজ্ঞানিক পদ্ধতিকে অৱলম্বন কৰা । অন্যথায় মই নিজেই পুৰুষ বন্ধ্যাকৰণ (নচবন্দি) কৰি ল'ম । সন্দেহৰ বাঁহডালো ভাগি থাকক । না ৰহেগা বাঁশ, না বজেগী বাসুৰী ।

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE
© কন্দৰ্পজিৎ কল্লোল