হেঁচি ধৰে সময়ে
তীব্ৰ বিষ এটা উজাই আহে
ৰৈ-ৰৈ গৈ থাকোঁ
সময়ৰ পাকলগা ৰচীত ওলমি
জলকোঁৱৰ আৰু
বিৰিণা কুঁৱৰীৰ সাধুৰ দৰে
অতীতহৈ পৰে সময়
ছাঁয়াহৈ ভাঁহি উঠে
দুচকুৰ সমুখত
তাৰ পিছতো
সপোন এটা লৈ ফুৰোঁ হৃদয়ত
সপোন দেখিব জনাটোও
এটা কলা
ছাঁ আৰু প্ৰতিচ্ছায়াৰ
সীমাহীন পৰিকল্পনা
ණ কন্দৰ্পজিৎ কল্লোল