pacman, rainbows, and roller s

MenuBlogAbout

কোনেও কথা ৰখা নাই

কোনেও কথা ৰখা নাই,
তেত্ৰিছ বছৰ কটালোঁ,
কোনেও কথা ৰখা নাই
সৰু থাকোতে এজনী বৈষ্ণৱীয়ে তাৰ আগমনী গান হঠাৎ বন্ধ কৰি কৈছিল
শুক্লা দ্বাদশীৰ দিনা
অন্তৰাখিনি শুনাই যাম
তাৰপিছত কিমান চন্দ্ৰভুক
অমাবস্যা গুচি গ'ল,
কিন্তু সেই বৈষ্ণৱী আৰু নাহিল
পঁচিশ বছৰ প্ৰতিক্ষাত আছোঁ ।

মামা ঘৰৰ মাছমৰীয়া
নাদেৰ আলীয়ে কৈছিল,
ডাঙৰ হোৱা দাদাঠাকুৰ
তোমাক মই তিনি প্ৰহৰৰ বিল দেখাবলৈ লৈ যাম
তাত পদুমফুলৰ মূৰত সাপ
আৰু ভোমৰাই খেলা কৰে!
নাদেৰ আলী, মই আৰু কিমান
ডাঙৰ হ'ম ?
মোৰ মূৰ এই ঘৰৰ ছাঁদ ফুঁটি আকাশ স্পৰ্শ কৰিলে
তাৰ পিছত তুমি মোক
তিনি প্ৰহৰৰ বিল দেখাবা ?

এটাও ৰয়েল গুলি কিনব
পৰা নাই কেতিয়াও
লাঠি-লজেন্স দেখাই দেখাই
চুপিছে লস্কৰঘৰৰ ল'ৰাবোৰে
ভিখাৰীৰ দৰে চৌধুৰীহঁতৰ পদুলিত থিয়হৈ দেখিছোঁ
ভিতৰত ৰাস-উৎসৱ
অবিৰল ৰঙৰ ধাৰাৰ মাজত
সুবৰ্ণ কঙ্কণ পিন্ধা বগা ৰমণীহঁতে
কিমান ধৰণৰ আমোদত হাঁহিছে
মোৰ ফালে সিহঁতে ঘূৰিও
চোৱানাই !

দেউতাই মোৰ কাঁন্ধ চুই কৈছিল,
দেখিবা, এদিন,
মোৰো…
দেউতা এতিয়া অন্ধ,
আমাৰ দেখা হোৱানাই একোৱে
সেই ৰয়েল গুলি,
সেই লাঠি-লজেন্স,
সেই ৰাস-উৎসৱ
মোক কোনেও ঘূৰাই নিদিব !

বুকুৰ মাজত সুগন্ধি ৰুমাল ৰাখি বৰুণাই কৈছিল,
যিদিনা মোক সঁচাকৈয়ে ভালপাবা
সিদিনা মোৰ বুকুতো এনেধৰণৰ
আতৰৰ গন্ধ হ'ব !
ভালপোৱাৰ বাবে মই
হাতৰ মুঠিত প্ৰাণ লৈছোঁ
দূৰন্ত ষাঁড়ৰ চকুত বান্ধিছোঁ
ৰঙা কাপোৰ
বিশ্বসংসাৰ তন্ন তন্ন কৰি বিচাৰি আনিছোঁ ১০৮টা নীলপদ্ম
তথাপি কথা ৰখা নাই বৰুণাই, এতিয়া তাইৰ বুকুত মাথোঁ মাংসৰ গন্ধ
এতিয়া তাই যিকোনো নাৰী ।
কোনেও কথা ৰখানাই, তেত্ৰিছ
বছৰ হৈ গ'ল, কোনেও কথা নাৰাখে !

[ দাদাঠাকুৰ : নাতিয়েকক কৰা সম্বন্ধ বাচক শব্দ ]

মূল কবি : সুনীল গঙ্গোপাধ্যায়
(কবিতাটো তেখেতৰ কাব্য সংকলন "বন্দী জেগে আছো"ৰ অন্তৰ্গত)
অনুবাদ : #কন্দৰ্পজিৎ কল্লোল

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE
© কন্দৰ্পজিৎ কল্লোল