কালিদাস! সঁচা কথা ক'বা
ইন্দুমতীৰ মৃত্যুশোকত
অজে কান্দিছিল নে তুমি কান্দিছিলা?
কালিদাস! সঁচা কথা ক'বা!
শিৱৰ তৃতীয় চকুৰ পৰা
ওলোৱা মহাজ্বালাত
ঘৃত-মিশ্ৰিত শুকান কাঠৰ দৰে
কামদেৱ যেতিয়া ভস্ম হৈ গ'ল
ৰতিৰ কান্দন শুনি চকুলোৰে
তুমিয়েইতো চকু ধুইছিলা
কালিদাস! সঁচা কথা ক'বা
ৰতিয়ে কান্দিছিল নে তুমি কান্দিছিলা?
বৰ্ষা ঋতুৰ স্নিগ্ধ ভূমিকা
প্ৰথম দিন আহাৰ মাহৰ
দেখিলোঁ আকাশত শ্যামল ঘনাবৃত্ত পথ
বিধুৰ যক্ষৰ মন যেতিয়া উচটিছিল
থিয়ই-থিয়ই তেতিয়া হাতযোৰ কৰি
চিত্ৰকূটৰ সুশোভিত শিখৰত
সেই বেচাৰাই পঠিয়াইছিল
যাৰেই দ্বাৰা সংবাদ
সেই পুষ্কৰাবৰ্ত মেঘৰ
লগৰী হৈ উৰিব লৈ ওলোৱা
কালিদাস! সঁচা কথা ক'বা
কিন্তু দুখত জুৰুলা-জুপুৰি হৈ
থক-থককৈ আৰু চূৰ্ণ-বিচূৰ্ণ হৈ
অমল-ধৱল পৰ্বতৰ শিখৰত
প্ৰিয়তম! তুমি কেতিয়ালৈকে শুই আছিলা?
কান্দিছিল যক্ষই নে তুমি কান্দিছিলা!
কালিদাস! সঁচা কথা ক'বা!
মূল : #নাগাৰ্জুন
অনুবাদ : #কন্দৰ্পজিৎ কল্লোল