Lamborghini Huracán LP 610-4 t

MenuBlogAbout

অংক

এই অংকৰ কোনো উত্তৰ নাই
য'ত মানৱতাই বাট হেৰায় !

মই হাইস্কুলীয়া অৱস্থাৰে পৰা
অংকত বৰ দুৰ্বল
আজিও বুজি নাপাওঁ
জীৱনৰ অংক
য'ত বাৰে বাৰে একেই সূত্ৰ
সুখ² হ'লে দুখ⁴ হ'বই

আন এটা সূত্ৰ আছে
স্মাৰ্টনেচ v সৰলতা
কিম্বা এংগ্ৰি পাৰ্চন v নিমাখিত
ঠিক ইংলিশ v MIL-ৰ দৰে
য'ত a= অলৰাউণ্ডাৰ
b= বালেশ্ব বাল হৰিদাস পাল

এইবিলাক কথা মই
নিজেই নুবুজোঁ
আৰু আপোনালোককনো
কি বুজাম !

এই অংকৰ বাবে
মই বাকৰুদ্ধ হওঁ
এই অংকৰ বাবেই
মই বিদ্ৰোহী হ'ব বিচাৰোঁ

মই এনে এক অংক বিচাৰোঁ
য'ত (a+b)²=মানৱতা²+ভালপোৱা²-2দুখ,যন্ত্ৰণা

মাজে মাজে
এই অংকৰ বাবেই মই
নৈৰাশ্যবাদত বিচৰণ কৰোঁ
হত্যা কৰিব বিচাৰোঁ নিজকে
কিন্তু সেই অংকও নিমিলে

কিবা এটা অংকৰ সূত্ৰ
উলিয়াম
জীৱনৰ অংকৰ
য'ত বিয়োগ কৰিলেও
উত্তৰ ওলাব যোগ অংকৰ
অন্যথায়
মুখস্থ কৰিবলৈ আৰম্ভ কৰিম
বিয়োগ নেওতাৰ সীমাহীন আংকিকঘৰ

এই অংকৰ বাবেই
ৰাতি শুব নোৱাৰোঁ

সকলো অংকৰে উত্তৰ ০

শেষত এয়াই মাথোঁ বুজিলোঁ যে,
এই অংকৰ কোনো উত্তৰ নাই
য'ত মানৱতাই বাট হেৰায় !

ණ কন্দৰ্পজিৎ কল্লোল

Back to posts
This post has no comments - be the first one!

UNDER MAINTENANCE
© কন্দৰ্পজিৎ কল্লোল